মেডিকেল কলেজৰ হাঁহি চকুলো..............
পল্ট্ন বজাৰৰ ৰুটি:
পল্টন বজাৰৰ বিহাৰী হোটেলৰ ৰুটি| আহ: সোৱাদেই বেলেগ| আবেলি ক্লাছ শেষ হোৱাৰ পাছত আমি সন্ধিয়া এপাক নগলে নহয়, ৰুটি খাবলৈ| চাৰি পাঁচজন একেলগে যাওঁ| সুকান ৰুটি, তৰকাৰী, আৰু চাহ| ৰুটিৰ লগত আমি প্ৰায়েই মাংসৰ জোল অলপ বিচাৰো| বৰ সোৱাদ লগা আছিল সেই জোলকন| চাহ, ৰুটি, তৰকাৰী আৰু মাংসৰ জোলত মূঠতে তিনিটকা| ল’ৰা বোৰ ভাগে ভাগে যায়| ছোৱালী সাধাৰণতে নাযায়| এদিনৰ কথা: মই, চাহিদুল, খাখ্লাৰী, লোকজিত আৰু পন্দিত মিলি ৰুটি খাবলৈ গ’লো| ৰুটি-তৰকাৰী দি গ’ল | এজন ৰুটি দিয়া মানুহে খুব কাহি আছে | কাহি কাহি শেষত মুখলৈ অহা খেকাৰখিনি বৰ ধুনিয়াকৈ গিলি দিলে | আমি ইটোৱে সিটোৰ মুখলৈ চালোঁ | আমাৰ ৰুটি খোৱা নহ’ল | গুছি আহিলোঁ |
২||ডিচেক্সন হ’লৰ প্ৰথম দিনটো:
১৯৯০ জানুৱাৰী মাহৰ এটা বিশেষ দিন | এই দিনটোতে আমি ডিচেক্সন হ’লত প্ৰথম প্ৰবেশ কৰিছিলোঁ | এটা অচিনাকী বেয়া গোন্ধে আমাক স্বাগতম জনালে | এনেকুৱা গোন্ধ কেতিয়াও পোৱা মনত নাই | সোমাই ভিতৰৰ পৰিবেশ দেখি বিচুৰ্তি খালোঁ | ছয়খন লোহাৰ ক’লা টেবুলত ছয়টা শুকান মৃতদেহ | ভয় লাগি গ’ল, কিয়নো মই কেতিয়াও ইমান মৃতদেহ একেলগে দেখা নাছিলোঁ | বগা বগা এপ্ৰন পিন্ধা ল’ৰা-ছোৱালীবোৰৰ মাজত ক’লা ক’লা মৃতদেহকেইটা জিলিকি উঠিছিল | কাৰ বা মৃতদেহ ! ইয়াত পালেহি আমাক জ্ঞান দিবলৈ | এগৰাকী ওখ-পাখ চাৰ সোমাই আহিল | আমি সুপ্ৰভাত জনালোঁ | লেখন বৰগোহাই চাৰ | গলগলীয়া মাতেৰে আমাক স্বাগতম জনালে | তেখেতে ক’লে- “ সময়ত হ’লত প্ৰবেশ কৰিব লাগিব, অন্যথা সোমাবলৈ দিয়া নহ’ব | সা-সজুলী লগত লৈ আহিবা | এপ্ৰন মাষ্ট | ক্লাছত ৭৫% উপস্থিত থাকিবই লাগিব | নাথাকিলে ছমাহ পাচত পৰীক্ষা দিব লাগিব | ..... ” চাৰৰ ইংৰাজীতে কোৱা কথাকেইষাৰত আমি সাৱধান হৈছিলোঁ | আমাৰ গ্ৰুপ ভাগ কৰি দিছিল | আমাৰ গ্ৰুপ হৈছিল- বি ১ | আমাৰ পাৰ্ট দিছিল- লোৱাৰ লিম্ব- ভৰিখন | আমি কানিংহামখন চাই চাই আৰম্ভ কৰিছিলোঁ- প্ৰথম ডিচেক্সন : অজানা এটি মৃতদেহত | মোৰ সংগী হৈছিল- প্ৰবাল গোস্বামী, ববী মাৰ, ৰাণী গগৈ, প্ৰদীপ হাটিমোটা আৰু ৰূপলেখা গোস্বামী | উপাধিৰ আদ্যাক্ষৰেৰে গ্ৰুপবোৰ ভাগ কৰা হৈছিল |(ক্ৰমশ:)