Monday, December 19, 2011

কবিতাৰ চকুলোঁ ডা দীপুল চন্দ্ৰ হালৈ
||
||
হে মোৰ প্ৰাত: পঠনীয় সংবাদ
তোমাৰ ওঁঠৰ আঘোনৰ পথাৰৰ আশা
শৰতৰ শেৱালীৰ ভাষাৰ ইমান আকাল
তোমাৰ গাভৰু বুকুত ৰোমান্তিকতাৰ মৰ্মান্তিক সংবাদ
শ্মশানৰ ছাই ছাই ঠিকনা......
.........
তথাপিও বিচাৰো সৃষ্টিৰ সেউজ কবিতা |

||২||

নদাই- ৰহদৈৰ আকাশী মনত ক’লা ডাৱৰ

“ভোগদৈ নৈৰ পাৰৰ মালৌ পথাৰৰ”ৰ

সোনগুটি জহাধান সুৱাগমণিদৰাত

বালিচন্দাৰ অফুৰন্ত হাঁহি

ভোগদৈয়ে শ্ৰজিলে আৰু এক মৰভূমি |

||৩||

ভাল লগা ৰাতিটোলে’ ভয় লাগে

আন্ধাৰ কৰ্মৰ আখৰা চলে

নিচুকনী গীত গাই ম‍ইনাক শুৱাব নোৱাৰি

আখৰাৰ শবদত ম‍ইনা সাৰ পায়,

জয়াল নিশাৰ ভয়াল চিঞৰত |

No comments:

Post a Comment